সংক্ৰমণ বাঢ়িলে লকডাউন দিবলৈ বাধ্য হ'ব চৰকাৰ! আকৌ কোভিড আহিলে সমাজ ব্যৱস্থা শেষ হৈ যোৱাৰ আশংকা মুখ্যমন্ত্ৰীৰ - Digital Shiksha

Latest

📝A Premier Website for Latest Government and Private Jobs in India,Admission,Admit Card, Competitive Exam Preparation,Exam Results and All Sccholarships & Scheme related Updates. 🔺Follow & Subscribe For Daily Updates 🔔👇Click The Bellow Links 👇

Search Here

Thursday, October 21, 2021

সংক্ৰমণ বাঢ়িলে লকডাউন দিবলৈ বাধ্য হ'ব চৰকাৰ! আকৌ কোভিড আহিলে সমাজ ব্যৱস্থা শেষ হৈ যোৱাৰ আশংকা মুখ্যমন্ত্ৰীৰ

 

সংক্ৰমণ বাঢ়িলে লকডাউন দিবলৈ বাধ্য হ'ব চৰকাৰ! আকৌ কোভিড আহিলে সমাজ ব্যৱস্থা শেষ হৈ যোৱাৰ আশংকা মুখ্যমন্ত্ৰীৰ


বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু GMCHৰ অধীক্ষকে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


ৰ্গা পূজা শেষ হোৱাৰ লগে লগে ৰাজ্যত আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। শেহতীয়াকৈ আক্ৰান্তৰ হাৰ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগে লগে চিন্তা বাঢ়িছে চৰকাৰৰ। চৰ্চা চলিছে লকডাউনৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু GMCHৰ অধীক্ষকে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে,  'বেমাৰ ৰোধ কৰিব নোৱাৰিলে আকৌ লকডাউন দিব লাগিব। মই ব্যক্তিগতভাবে একেবাৰে লকডাউন নিবিচাৰো। লকডাউনে বহু ক্ষতি কৰে। কিন্তু বেমাৰটোৱেই এনেকুৱা, সংক্ৰমণ বাঢ়িলে, লকডাউনেই শেষৰ চল্যুচন। গতিকে সকলোৱে নিয়ম-কানুন মানি চলক। ভেকচিন লওক। এয়া অনুৰোধ কৰিছো।'

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে,  যদি আকৌ কোভিড আহে, শেষ হৈ যাব সমাজ ব্যৱস্থা। গতিকে সকলোৱে ভেকচিন লোৱা নাই, সেইসকলে ভেকচিন লব লাগে।

আনহাতে GMCHৰ অধীক্ষকে এই সন্দৰ্ভত কৈছে যে, 'এতিয়ালৈকে সকলো নিয়ন্ত্ৰণতে আছে। তথাপিও কও, কোভিড শেষ হৈ যোৱা নাই। দুৰ্গা পূজাৰ পিছতে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। হিচাপতকৈ আকৌ বাঢ়িছে কোভিড। আগন্তুক দুদিন তিনিদিন চাই, চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।'

No comments:

Post a Comment

You Can Visit Our YouTube Channel : Digital Shiksha